We, The Cottonians from the 1975 cohort formed an organisation named AASTHA to help the poorer segments of society by organising social activities and creating an environment of literary activities. We conduct workshops and training sessions for them to enhance their skills and help them become self-sufficient. However, we persevered and continued to strive towards our objective with dedication and commitment.
“There is no exercise better for the heart than reaching down and lifting people up.”
Good things take time.
10 Feb, 2023
19 Mar, 2023
02 Feb, 2023
26 Nov, 2023
Former Director General of Police
প্ৰিয় বৰুৱা, আপোনালোকে প্ৰকাশ ক'ৰা আলোচনীৰ দুটা সংখ্যা আপোনাৰ সৌজন্যত পঢ়িবলৈ পালোঁ। অৱসৰৰ পাছত সহপাঠীসকলে পৰস্পৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ এটা সন্থা পাতি লোৱাটো সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি ৰখাৰ কাৰণে এক সুন্দৰ পদক্ষেপ। তদুপৰি আলোচনী এখন প্ৰকাশ কৰি চিন্তা-চৰ্চাৰ বাট মুকলি কৰি লোৱাটো এক সুচিন্তিত পৰিকল্পনা। মই আপনালোকৰ এই পদেক্ষেপলৈ আদৰণি জনাইছোঁ। আলোচনীখনত উপাদেয় লেখা পাইছোঁ। ভবিষ্যতলৈ এই প্ৰয়াস বৰ্তি থাকিব বুলি আশা কৰিলোঁ।
বিশিষ্ট সাহিত্যিক
মন আৰু চকু জুৰোৱা প্ৰয়াস
এজন লেখকে যেতিয়া অন্তৰৰ তাগিদাত লিখে তেতিয়া অৰ্থলাভৰ অংকটো চকুৰ আগত নাথাকে৷ নিঃসন্দেহে অৰ্থ লাভ হ’লে ভাল৷ অৰ্থৰ প্ৰয়োজন অনস্বীকাৰ্য৷ তেনেভাৱে সমভাবাপন্ন কেইজনমান লগ হৈ একোটি সাহিত্য-সংগ্ৰহ বা একোখনি সাময়িক পত্ৰিকা প্ৰকাশৰ আন্তৰিক আগ্ৰহটোৰো গুৰিতে একেটি মনেই ক্ৰিয়া কৰে৷ ‘কৰণি’ তেনে এটি সুন্দৰ অদম্য প্ৰকাশৰ পৰিচয় হৈ উঠিছে৷ ‘কৰণি’ৰ মান সম্পন্ন লেখা, নিখুঁত ছপা আৰু অংগসজ্জা সকলোতে ফুটি উঠিছে কলাসূলভ উচ্ছমান আৰু গাম্ভীৰ্য৷ ‘কৰণি’য়ে মনৰ ভাব-চিন্তাক শব্দ আৰু অংগসজ্জাৰ মাজত মন আৰু চকু জুৰোৱাকৈ সময়ে সময়ে প্ৰকাশ কৰি থাকক এয়ে আন্তৰিক বাঞ্ছা৷